ভাৰতবৰ্ষই গোলকীয় প্রতিযোগিতাসমূহ আয়োজন কৰাৰ সম্পূৰ্ণ ক্ষমতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মান্দাভিয়াই নতুন দিল্লীত কাইলৈৰ পৰা হ’বলগীয়া চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছৰ প্ৰস্তুতিৰ বুজ লৈ কালি এই মন্তব্য কৰে। পৰিদৰ্শনৰ অংশ হিচাপে মন্ত্ৰীগৰাকী প্ৰতিযোগিতাখনৰ সৈতে জড়িত বিভিন্ন সা-সুবিধাৰ বুজ লয় আৰু অংশগ্ৰহণকাৰী খেলুৱৈ তথা বিষয়াসকলৰ বাবে বিশ্বমানৰ ব্যৱস্থা তথা অহৰহ সেৱাত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শতাধিক ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব আৰু এয়া হ’ব ভাৰতবৰ্ষই আয়োজন কৰা সৰ্ববৃহৎ পেৰা এথলেটিক্স প্রতিযোগিতা। এই প্ৰতিযোগিতাই দেশৰ সামৰ্থ্য, চহকী সংস্কৃতি আৰু সকলোকে এক কৰাৰ শক্তি হিচাপে ক্ৰীড়াৰ প্ৰতি থকা দেশৰ দায়বদ্ধতাকে প্রতীয়মান কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Site Admin | September 24, 2025 12:16 PM | Dr. Mansukh Mandavya
কাইলৈৰ পৰা চলিত বৰ্ষৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপছ