কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ’ব। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শিত হ’ব। কাইলৈ পুৱা ৯ বজাত ফিলিপিন্ছৰ পৰিচালক কার্ল’ অবিস্প’ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ হ’ব। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহৰ লগতে একে পৰিসৰতে থকা আনটো ক্ষুদ্র প্রেক্ষাগৃহতো এই মহোৎসৱৰ ছবিসমূহ প্ৰদৰ্শিত হ’ব। ৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া চাৰে ৫ বজাত ইম্টিয়াজ আলী, ৰীমা দাস আৰু কবিৰ খান পৰিচালিত মাই মেলবর্ণ ছবিৰ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। মহোৎসৱৰ সৈতে সংগতি ৰাখি তিনিওদিনেই দেশৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু সমালোচকৰ অংশগ্ৰহণেৰে মুঠ ৭ খন মনোজ্ঞ আলোচনাচক্র অনুষ্ঠিত হ’ব। ৮ ফেব্ৰুৱাৰীত নিকন কম্পেনীৰ কাৰিকৰী বিশেষজ্ঞ সৌমজিৎ মৈত্ৰই নিকন মিৰৰলেছ কেমেৰাৰ জৰিয়তে ডিজিটেল ছবি নির্মাণ সম্পৰ্কত আলোকপাত কৰিব। ৯ ফেব্ৰুৱাৰীত প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক অ’নিৰ সৈতে অন্তৰংগ আলাপ আৰু বিয়লি শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ নির্মাতা প্রসন্ন বিথানাগেৰ সৈতে দৰ্শকৰ আলাপৰ অনুষ্ঠান এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হ’ব বুলি আমাৰ সংবাদদাতাই জনাইছে।
Site Admin | February 6, 2025 7:24 PM | Guwahati Asian Film Festival
কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল
 
		 
									 
									