December 2, 2025 12:15 PM | Puri Festival

printer

কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অবদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হ’ব। দুদিনীয়াকৈ হ’বলগীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ ল’ব। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে দিয়া এটা বিবৃতি অনুসৰি কাইলৈ পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসব শুভাৰম্ভ কৰা হ’ব। পুৱা ৮ বজাৰ প্ৰসংগ সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্রীয়া শিল্পী গুণীন্দ্র নাথ ওজাই পৰিচালনা কৰিব। ইয়াৰ পাছতে উলিয়াবলগীয়া শোভাযাত্রা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰিব। একেদৰে ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্র ডেকাই পৱিত্ৰ ভাগৱত বহন কৰিব। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি হ’বলগীয়া মুকলি সভাত সুৰজমল চাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু উপস্থিত থাকিব। মহোৎসৱ উপলক্ষে প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্রীয়া ড° বাবুল চন্দ্র দাসে উন্মোচন কৰিব। এই অনুষ্ঠানত পুৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল’ব। সন্ধিয়া বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব। মহোৎসৱৰ অন্তিম দিনা অর্থাৎ ৪ ডিচেম্বৰত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে। সেইদিনা হ’বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।