তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কালি কয় যে ৰাজ্যখনৰ কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে এখন আয়োগো গঠন কৰা হৈছে আৰু আয়োগক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে তামিলনাডু বিজেপিৰ সভাপতি আন্নামালাইয়ে কাইলৈ ষ্টেলিন নেতৃত্বাধীন ডি এম কে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছে। সূত্র অনুসৰি মুঠ ১০৭ জন লোকক কল্লাকুৰিচি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল। ইয়াৰ ভিতৰত ৫৯ জন লোকক চেলেম, ভিলুপুৰম আৰু পুডুচেৰীৰ দৰে অন্যান্য ঠাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছত তামিলনাডু আৰক্ষীয়ে কল্লাকুৰিচিত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে, এ আই এ ডি এম কেৰ অধিবক্তাসকলে মাদ্রাজ উচ্চ ন্যায়ালয়ক কাল্লাকুৰিচি অবৈধ সুৰা বিষয়ত জৰুৰী আবেদনৰ শুনানিৰ বাবে অনুৰোধ জনাইছে। মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ডি কৃষ্ণকুমাৰ আৰু কে কুমাৰেশ বাবুৰ এখন খণ্ড বিচাৰপীঠে আজি এই বিষয়ত শুনানি গ্রহণ কৰিবলৈ সন্মতি প্রকাশ কৰিছে৷
Site Admin | June 21, 2024 2:51 PM | Tamilnadu
কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি ৩৪ জন লোকে প্ৰাণ হেৰুৱাইছে
