কলাক্ষেত্ৰত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাট মঞ্চস্থ

● স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ কৰা হ’ব। লখিমপুৰৰ ৰংগভূমি নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্রশান্ত কটকী। কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু ৭.৩০ বজাত দুটা দৰ্শনী মঞ্চস্থ হ’ব। কালি এই নাট মেলাত ব্রজনাথ-বিপ্লবী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ কৰা হয়। ছিপাঝাৰৰ চৰ্চা নাট্য গোষ্ঠীয়ে এই পৰিৱেশন কৰা নাটখনৰ নাট্যকাৰ আছিল উৎপল দত্ত। উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টৰ পৰা অনুষ্ঠিত এই নাটমেলা অহা ২১ আগষ্টত সামৰণি পৰিব।