কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি ড০ অৰ্চনা মজুমদাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিতৰত হোৱা এই অপৰাধৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা চাৰিলৈ বৃদ্ধি পাইছে। দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ এগৰাকী ২৪ বছৰীয়া ছাত্ৰীক যোৱা ২৫ জুনত প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষীৰ কক্ষত এগৰাকী প্রাক্তন ছাত্রসহ তিনিগৰাকী শিক্ষাৰ্থীয়ে ধৰ্ষণ কৰা বুলি অভিযোগ উঠিছে। ছাত্ৰীগৰাকীৰ অভিযোগ মৰ্মে আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্ত মনজিৎ মিশ্র, প্রমিত মুখার্জী আৰু জাইড আহমেদক গ্ৰেপ্তাৰ কৰিছে। কলকাতা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰিবলৈ সহকাৰী আয়ুক্ত পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত এটি পাঁচজনীয়া বিশেষ তদন্ত দল গঠন কৰিছে। দলবদ্ধ ধৰ্ষণৰ প্ৰতিবাদত বিজেপিয়ে মহাবিদ্যালয়খনলৈ উলিওৱা সমদলত কালি আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰু দলৰ পশ্চিমবংগ গোটৰ মুৰববী সুকান্ত মজুমদাৰ আৰু কেইবাগৰাকীও নেতাক আটক কৰাৰ পাছত মহানগৰখনত উত্তেজনা বৃদ্ধি পাইছে। বিজেপিয়ে শিক্ষা প্ৰতিষ্ঠানৰ চৌহদৰ সুৰক্ষা সুনিশ্চিত কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছে আৰু দোষী সকলৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিষয়টো চালি-জাৰি চোৱাৰ বাবে এখন চাৰ্জিনীয়া কমিটি গঠন কৰিছে। কমিটিখনে কলকাতালৈ গৈ ঘটনা সন্দৰ্ভত প্রতিবেদন দাখিল কৰিব। বিজেপিৰ মুখপাত্র সম্বিত পাত্রই কমিটিখনত সাংসদ বিপ্লব কুমাৰ দেৱ, মনন কুমাৰ মিশ্ৰ আৰু প্ৰাপ্তন সাংসদ সত্যপাল সিং আৰু মিনাক্ষী লেখিক অন্তৰ্ভুক্ত কৰা বুলি প্ৰকাশ কৰিছে।
Site Admin | June 29, 2025 8:55 PM | National Women Commission
কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহাবিদ্যালয়খন পৰিদৰ্শন