ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত ট্ৰাকৰ মালিকে এই সন্দৰ্ভত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপচান আলী আৰু ইমানুল হক নামৰ ট্ৰাক চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে। ট্রাক চালক দুজনৰ ভাষ্যৰ ভিত্তিতে ট্রাকখন উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।