বিভিন্ন প্ৰকাৰৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে কয়লাৰ নিলাম তথা এই সম্পদবিধৰ উপযুক্ত ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত এটা নতুন ব্যৱস্থাৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰে কালি কয়লা সেতু নীতিত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে কালি নিৰৱচ্ছিন্ন, যোগ্য আৰু স্বচ্ছ ব্যৱহাৰৰ বাবে কয়লাৰ ব্যৱহাৰ, ৰপ্তানি আদিৰ নিবিদাৰ নীতিত অনুমতি প্ৰদান কৰে। মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ বিষয়ে নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই নীতিৰ অধীনত দীৰ্ঘদিনীয়াকৈ যিকোনো ঔদ্যোগিক ব্যৱহাৰৰ বাবে নিবিদাৰ ভিত্তিত কয়লাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আৱণ্টন দিয়া হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কালি ২০২৭ৰ লোকপিয়লৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনোৱা হয়। শ্রীবৈষ্ণৱে কয়, যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল হ’ব। তেওঁ ভাৰতৰ লোকপিয়ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্ৰশাসনিক আৰু পৰিসাংখ্যিক অনুশীলন হিচাপে বিবেচনা কৰা হয় বুলি উল্লেখ কৰে। ২০২৭ চনৰ লোকপিয়লত জাতিগত গণনাও অন্তৰ্ভুক্ত কৰা হ’ব। এই লোকপিয়ল দেশৰ প্ৰথমটো ডিজিটীয় লোকপিয়ল হ’ব বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে কয়, যে এণ্ড্ৰইদ আৰু আই অ’ এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৩০ লাখ কর্মীক জড়িত কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | December 13, 2025 11:40 AM | Coal Setu Policy
কয়লা সেতু নীতিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন