দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সংস্থাই কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। মালয়েছিয়াৰ কোৱালালামপুৰত আজি কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত বৈদেশিক মন্ত্রীসকল এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ একতা আৰু আঞ্চলিক শান্তি, সুৰক্ষা, সুস্থিৰতা, সমৃদ্ধি আদিৰ ক্ষেত্ৰত দায়বদ্ধতা পুনৰ দোঁহাৰিছে। দুয়োখন দেশৰ মাজত অব্যাহত থকা অস্থিৰতা আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ ফলত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে দুয়োখন দেশৰ ভালেমান অসামৰিক আন্তঃগাথনি ধ্বংস হোৱাৰ উপৰি ভালেমান লোক বিতাড়িত হৈছে।
Site Admin | December 22, 2025 8:16 PM | Akashvani | Akashvani News
কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান