ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁলোকৰ একতা আৰু আঞ্চলিক প্রয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তথা সৰ্বাত্মক বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে নীতি প্রণয়ন কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ দ্বাৰা প্ৰশাসনত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধিৰে আঞ্চলিক উন্নয়ন আৰু ঔদ্যোগিক বিকাশ সুনিশ্চিকৰণৰ দিশত গুৰুত্ব দিয়ে। শ্রীবিলাই কয়, যে এই অঞ্চলটোৰ অধিকাংশ বিধানসভাৰ কাম-কাজ কাকতবিহীন হৈ উঠাৰ লগতে কেতবোৰ সু-অভ্যাসৰ বিনিময়ৰ ফলত বিধানসভাৰ কাম-কাজ কম পৰিমাণে বিঘ্নিত হোৱাৰ বাবে দৃষ্টান্তৰ সৃষ্টি হৈছে। এই অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই নিজৰ ভাষণত বিধানসভাসমূহে সংসদীয় গণতন্ত্ৰ আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদৰ আদৰ্শত আস্থা ৰখা উচিত বুলি উল্লেখ কৰে। চি পি এ-ৰ এই অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত নীতি প্রণয়নৰ হকে উৎসাহিত কৰিব বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।