ডাউনলোড
মোবাইল এপ

android apple
signal

December 29, 2024 8:49 PM | Kabitar Din

printer

কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন কবিতাৰ দিন হিচাপে পালন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হৈছে। হেৰ অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত কমল কুমাৰী বঁটাৰ লগতে ১৯৭৬ চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্ৰৱন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্বত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্ৰতিফলিত কৰে। আজি কবিতাৰ দিন উপলক্ষে সাহিত্যিকগৰাকীৰ স্মৃতিত গুণমুগ্ধসকলে শ্রদ্ধা তৰ্পন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে নৱকান্ত বৰুৱাৰ মননশীল সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ লগতে পঢ়ুৱৈ সমাজৰ মনত সাঁচ বহুৱাই গৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীৰ সৃষ্টিসমূহ মানৱতাবাদী আদৰ্শৰ উজ্জ্বল স্বাক্ষৰ বুলি অভিহিত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।