ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কপিলী নদীৰে মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ

● অসমৰ নদী ভিত্তিক বাণিজ্য আৰু বহনক্ষম পৰিবহণৰ দিশত ঐতিহাসিক পদক্ষেপ হিচাপে ৫৭ নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত কপিলী নদীৰে কালি মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমৰাৰ হাটশিঙিমাৰীলৈ কালি এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহনৰ বাবে ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। স্বয়ংক্রিয়ভাৱে সামগ্রী বোজাই কৰিব পৰা ক্ষমতাৰে সু-সজ্জিত এম ভি ভি ভি গিৰি নামৰ মালবাহী জাহাজখনে কপিলী নদী আৰু ব্ৰহ্মপুত্ৰৰ ৩০০ কিলোমিটাৰ দীঘলীয়া জলপথেৰে ৩০০ মেট্রিক টন চিমেণ্ট কঢ়িয়াই আনে। এই উন্নয়নৰ জৰিয়তে অসমৰ ১,১৬৮ কিলোমিটাৰতকৈও অধিক ৰাষ্ট্ৰীয় জলপথ কাৰ্যকৰীকৰণ হৈছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। অসমৰ ৪ টা ৰাষ্ট্ৰীয় জলপথ ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰী আৰু কপিলীত মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ হোৱাৰ ফলত ৰাজ্যত সমৃদ্ধি আৰু সুযোগ সম্ভাৱনা বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। কালি পৰীক্ষামূলক যাত্রাই প্রায় ২৩ খন ট্রাকে বহন কৰিব পৰা চিমেণ্ট কঢ়িয়াইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকী কয়, যে পথৰ পৰা জলপথলৈ মালবাহী পৰিবহণ স্থানান্তৰ কৰাৰ ফলত ভিৰ হ্ৰাস হোৱাৰ লগতে পৰিবহণ ব্যয়ো হ্ৰাস পাব। কপিলী নদীত মালবাহী জাহাজৰ চলাচল কাৰ্যকৰী হোৱাৰ ফলত ৰাজ্যত নতুন দিগন্তৰ সূচনা হোৱাৰ লগতে ব্যয়সন্মত আৰু পৰিবেশগতভাৱে বহনক্ষম অন্তর্দেশীয় জলপথ পৰিবহন ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।