কন্টেন্ট ক্রিয়েটৰসকলৰ সুবিধার্থে ডী ডী নিউজৰ ক্রিয়েটছ কর্ণাৰ শীৰ্ষক নতুন অনুষ্ঠানৰ শুভাৰম্ভ

প্ৰচাৰ ভাৰতীৰ বেছ মঞ্চই সমগ্ৰ বিশ্বৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ৫ হাজাৰ কোটি টকা মূল্যৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ সুবিধা প্ৰদান কৰা বুলি কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্রকাশ কৰিছে। কন্টেন্ট ক্রিয়েটৰসকলৰ সুবিধার্থে ডী ডী নিউজৰ ক্রিয়েটছ কর্ণাৰ শীৰ্ষক এটা নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্রীবৈষ্ণৱে এইদৰে কয়। তেওঁ কয় যে প্ৰচাৰ ভাৰতীয়ে এই নতুন পদক্ষেপৰ জৰিয়তে সৃষ্টিশীল বিষয়সমূহক প্ৰচাৰ তথা প্ৰদৰ্শনৰ লক্ষ্য নির্ধাৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই ক্রিয়েটৰৰ অৰ্থনীতিত ১ কোটি যুৱক-যুৱতী সংযোগ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। শ্রীবৈষ্ণবে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ১১টা বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ সংস্কাৰৰ সূচনা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়টো নতুন কার্যব্যৱস্থাৰে চলিত বছৰতেই সম্পূর্ণভাবে পুনৰৰ্গঠন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তথ্য আৰু সম্প্ৰচাৰ খণ্ডই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনত প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সাম্প্রতিক প্রযুক্তি, প্রজন্ম আৰু কাৰ্যপদ্ধতিৰ সৈতে খাপ খুৱাই এই ক্ষেত্ৰত সংস্কাৰ সাধন কৰাটো প্রয়োজনীয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্রীবৈষ্ণরে এই সংস্কাৰে নতুন কর্মসংস্থাপনৰ সুবিধা প্রদান কৰিব বুলিও আশা প্রকাশ কৰে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰগানেও এই পদক্ষেপৰ বাবে দূৰদৰ্শনক অভিনন্দন জনায়। উল্লেখযোগ্য যে ক্রিয়েটছ কৰ্ণাৰ অনুষ্ঠানটো সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া ৭ বজাত ডী ডী নিউজযোগে প্ৰচাৰিত হ’ব। এই অনুষ্ঠানে কন্টেন্ট ক্রিয়েটৰসকলক তেওঁলোকৰ বিষয়সমূহ উপস্থাপনৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্রদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।