বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে সাহিত্যিকগৰাকীৰ শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯২৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধাইআলিত সাহিত্যিকগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। আজি ওপজা দিন উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁক ফুলাম গামোছা, ফুলৰ থোপা আৰু কিতাপৰ টোপোলাৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানতে ইমৰাণ শ্বাহ ৰচনাৱলীৰ চতুৰ্থ আৰু পঞ্চম খণ্ড উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মহাদেৱ পাটগিৰি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতি প্ৰসাদ শইকীয়া, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রহ্লাদ চন্দ্ৰ তাছাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | November 23, 2025 6:59 PM | Imran Shah
কথাশিল্পী ইমৰাণ শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠান