ডাউনলোড
মোবাইল এপ

android apple
signal

কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদানৰ লগতে ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ

অসম চৰকাৰে অহা ১৭ জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প,সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ৫ গৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যিক বঁটাৰে সন্মানিত কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে।
মন্ত্ৰী বৰাই কয়, যে বিশিষ্ট কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ’ব। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ড০ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ-গ্রেড স্বীকৃতিপ্রাপ্ত শিল্পী। তেওঁ অসমৰ লোক গীত-মাতসমূহ সুৱদি কণ্ঠৰেৰে পৰিৱেশন কৰি শ্ৰোতা ৰাইজক মুগ্ধ কৰি আহিছে। একেদৰে কেইবাখনো ৰাভা লোক সংগীতৰ শ্ৰব্য গীতৰ সঁফুৰাত কণ্ঠদান কৰা মুকুল ৰাভাই ৫খন গ্ৰন্থ ৰচনাৰে সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে।
২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হ’ব। ভালেসংখ্যক চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকৰ সুপৰিচিত ৰেবা ফুকনে ভ্রাম্যমাণ নাটকত শক্তিশালী অভিনয়েৰে অগণন দর্শকক মোহিত কৰি ৰাখিছে। সাহিত্যচার্য অতুল চন্দ্ৰ বঁটা প্ৰবীন অভিনেত্রী হিৰা নেওগক প্ৰদান কৰা হ’ব। অভিনেত্ৰীগৰাকীয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু নাটকত অনবদ্য অভিনয়েৰে ৰাজ্যখনৰ অভিনয়ক্ষেত্ৰক সমৃদ্ধ কৰিছে। ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ’ব। শ্রীব্ৰহ্মই নিজৰ অৱদানেৰে সমাজখনলৈ যথেষ্ট অৰিহণা যোগাই আহিছে বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক