কটন বিশ্ববিদ্যালয়ৰ ভূমি বিতর্ক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ নিজৰ স্থিতি স্পষ্ট

কটন বিশ্ববিদ্যালয়ৰ ভূমিক লৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষই আজি সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গার্গে কয় যে এখন শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ কেণ্টিন, ফটোষ্টেট তথা ষ্টেশ্যনেৰী বিপণী আদিৰ প্ৰয়োজন হয়। এনে প্রয়োজন পূৰণ কৰিবলৈ বিশ্ববিদ্যালয়খনত এখন স্থায়ী সমিতি গঠন কৰা হৈছে বুলি উল্লেখ কৰি ডº গাৰ্গে কয় যে এই সমিতিয়ে এনে ধৰণৰ প্ৰতিষ্ঠান ক’ত স্থাপন কৰা হ’ব সেই কথা নিৰ্ধাৰণ কৰিব। ইয়াৰ বাহিৰে বিশ্ববিদ্যালয়ৰ ভূমি সন্দৰ্ভত কোনো কথা-বতৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কটন বিশ্ববিদ্যালয়ৰ ভূমি লীজত দিয়া বা বিক্ৰী কৰা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি উল্লেখ কৰে । ইফালে, মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শর্মাই কয় যে কটন বিশ্ববিদ্যালয় অর্থাৎ‍ পূৰ্বৰ কটন কলেজে সমৃদ্ধ ইতিহাস বহন কৰি আহিছে। অসম চৰকাৰে ইয়াৰ সম্পত্তিসমূহ কোনো ব্যক্তিগত সংগঠন বা ব্যক্তিক আউটছোৰ্ছিং কৰিবলৈ কাহানিও অনুমতি প্ৰদান নকৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কর্তৃপক্ষক এনে পদক্ষেপ গ্ৰহণ কৰাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।