কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্রবাদ তথা গুপ্তহত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ দিশে ধাৱমান হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

ৰাজ্যত সম্প্ৰতি ২৫ খনতকৈ অধিক বিশ্ববিদ্যালয়, ১৫ খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয়, ২০ খনতকৈ অধিক অভিযান্ত্রিক মহাবিদ্যালয় তথা বিভিন্ন শৈক্ষিক প্রতিষ্ঠানসমূহ স্থাপনৰ জৰিয়তে বিদ্যার্থী সমাজে নতুন সুযোগসুবিধা লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ হৈছে। দুর্নীতি অবিহনে যোগ্য নিবনুৱাই সংস্থাপনৰ সুবিধা লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। সাংস্কৃতিক, ক্রীড়া আদি সকলো ক্ষেত্ৰতে নতুন প্রয়াসৰ জৰিয়তে ৰাজ্যখন সম্প্ৰতি দেশৰ ভিতৰতে শক্তিশালী ৰাজ্যত পৰিণত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।