ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন ভাষণত ৰাজ্যপালগৰাকীয়ে ২০৪৭ চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত দুহেজাৰ ৮০৪ গৰাকী পি এইচ ডি, স্নাতক, স্নাতকোত্তৰ তথা ডিপ্ল’মাৰ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তদুপৰি শৈক্ষিক উৎকৰ্ষতাৰ বাবে ১২৫ গৰাকী শিক্ষাৰ্থীক স্বর্ণ পদক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সমাৰোহত জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি-লিট উপাধি প্ৰদান কৰা হয়। শিল্পীগৰাকীলৈ আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰে শিল্পীগৰাকীৰ ভগ্নী পামি বৰঠাকুৰে।
Site Admin | December 9, 2025 7:09 PM | Cotton university
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপালৰ অংশগ্ৰহণ, জুবিন গাৰ্গলৈ ডি-লিট