ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কটন কলেজ প্ৰতিষ্ঠাৰ ১২৫ বছৰীয়া দিৱসৰ সংগতি ৰাখি প্রাক্তন কটনিয়ানৰ মত-বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠান

■ কটন কলেজ প্ৰতিষ্ঠাৰ ১২৫ বছৰীয়া দিৱসৰ সৈতে সংগতি ৰাখি আজি প্রাক্তন কটনিয়ানৰ মত-বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি বিয়লি কটন এলমনাই ভৱনত আয়োজিত এই অনুষ্ঠানত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান ডাঃ চিৰাজুল হক, সত্যকৃষ্ণ মিশ্ৰ আৰু ৯০ বছৰৰ ঊৰ্ধৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা আগবঢ়াব। অনুষ্ঠানত প্রাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰিব। এই অনুষ্ঠানত সকলো প্রাক্তন কটনিয়ানৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।