ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 26, 2024 10:07 AM | Rahul Gandhi

printer

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচিত

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা হ’ব। দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কালি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত ৰাহুল গান্ধী বিৰোধী পক্ষৰ নেতা হ’ব বুলি পত্রযোগে অস্থায়ী অধ্যক্ষ ভর্তৃহৰি মেহতাবক অৱগত কৰিছে। ইপিনে, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত কালি আই এন ডি আই মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।