বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজুৱে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীৰিজিজুৱে এইবুলি অভিযোগ তোলে যে, শ্রীগান্ধীয়ে নির্বাচনী ফলাফল কংগ্ৰেছৰ সপক্ষে নগ’লে নির্বাচন আয়োগ আৰু ই ভি এমক দোষাৰোপ কৰে। কংগ্ৰেছে ভোটাৰ তালিকাৰ যিকোনো বিসংগতিক লৈ নির্বাচন আয়োগৰ ওচৰত অভিযোগ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্রীগান্ধীয়ে নিৰৰ্থক বিষয় কিছুমান উত্থাপন কৰা বুলিও বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে। ইয়াৰ পূৰ্বে, লোকসভাত বিৰোধী পক্ষৰ দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু নির্বাচন আয়োগক সমালোচনা কৰি হাৰিয়াণা বিধানসভা নির্বাচনত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল।
Site Admin | November 5, 2025 8:32 PM | Kiren Rijiju
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজুৰ