ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 21, 2024 8:04 PM | Amit Shah

printer

কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছেঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে অভিযোগ কৰি কৈছে যে, কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছে। জে ডি ইউৰ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, আৰ জে ডি আৰু কংগ্ৰেছে কেতিয়াও বিহাৰৰ উন্নয়নৰ হকে কাম কৰা নাই। তেওঁ কয় যে, এন ডি এইহে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰিব পাৰিব। তেওঁ কয় যে, আৰ জে ডিৰ কাৰ্য্যকালত সমাজৰ সকলো শ্ৰেণীৰ লোক অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ কয় যে, এন ডি এ-য়েহে অত্যাচাৰৰ যুগৰ পৰিসমাপ্তি ঘটাই ৰাজ্যখনক সমৃদ্ধিৰ পথলৈ আগুৱাই নিবলৈ সক্ষম হৈছিল। অভিযোগ তোলে যে, কাকা চাহেব কালেলকাৰৰ প্ৰতিবেদন আৰু মণ্ডল আয়োগৰ প্ৰতিবেদনৰ বিৰোধিতা কৰি কংগ্ৰেছে সদায় সমাজৰ পিচপৰা শ্ৰেণীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আহিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।