ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কংগ্ৰেছৰ ৰাজভৱন চলো অভিযানৰ সময়ত কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত ঘটনাৰ প্ৰতিবাদত ক’লা বেজ পৰিধানেৰে সাংবাদিকৰ প্ৰতিবাদ

কংগ্ৰেছ দলে কালি গুৱাহাটীৰ ৰাজভৱন চলো অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত হোৱা ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুপৰীয়া ইয়াৰ প্ৰতিবাদৰ বাবে এখন সভা অনুষ্ঠিত হয়। এই কার্যসূচীত গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সংবাদকর্মীয়ে অংশগ্রহণ কৰে। সংবাদকর্মীসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। হাজো আৰু ৰঙিয়াতো স্থানীয় সাংবাদিকসকলে এই ঘটনাৰ প্ৰতিবাদত কাৰ্যসূচী গ্ৰহণ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, কালি কংগ্ৰেছ দলৰ ৰাজভৱন চলো অভিযানকালত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মী আহত হৈছিল আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হৈছিল। এই ঘটনাত এটা বৈদ্যুতিন চেনেলৰ এজন জ্যেষ্ঠ সাংবাদিককে ধৰি কেইবাজনো সাংবাদিকো আহত হৈছিল।