April 1, 2025 6:39 PM | Congress MLA

printer

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি বিশেষাধিকাৰ সমিতিৰ

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক অপদস্থ কৰাৰ অভিযোগত ১২ জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমর্মে বিধায়ক দুয়োজনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে দুয়োগৰাকী বিধায়কে বিধানসভাৰ অধিৱেশন চলি থকা দিনত উপাধ্যক্ষগৰাকীক অপদস্থ কৰাৰ অভিযোগ উঠিছিল।