ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাকক্ষত বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণ সন্দৰ্ভত কর্মশালা সম্পন্ন

■ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাকক্ষত কালি বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণ সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। মঙলদৈ বন্যপ্রাণী সংমণ্ডলৰ উদ্যোগত আৰু আছাম ৱাইল্ড লাইফ ৰেচকিউ এণ্ড ৰিচাৰ্ছ অর্গেনাইজেচন চমুকৈ এৰ’ৰ কাৰিকৰী সহযোগত এই কর্মশালা অনুষ্ঠিত হয়। বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণৰ লগতে সাপ আৰু সৰু স্তন্যপ্ৰায়ী বন্যপ্রাণী নিৰাপদে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি-কৌশল সম্পর্কে বনকৰ্মীসকলক এই কর্মশালাত প্রয়োজনীয় ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।