ওদালগুৰি জিলাত বিটিচি নিৰ্বাচন উপলক্ষে বি পি এফ দলৰ সাংগঠনিক তৎপৰতা আৰম্ভ

বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি ওদালগুৰি জিলাত অন্যান্য দলৰ লগতে বি পি এফ দলেও সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। জিলাখনৰ কলাইগাওঁত মুদৈবৰী যুৱ বি পি এফ দলৰ উদ্যোগত আজি এটা বিশাল বাইক ৰেলী উলিওৱা হয়। বিটিচি নিৰ্বাচনত এইবাৰ বিজেপিয়ে অকলে প্রতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰাৰ পাছতে আজি যুৱ বি পি এফ দলে উলিওৱা বাইক ৰেলী উদ্বোধন কৰি বি পি এফৰ নেতা তথা বিধায়ক দূৰ্গাদাস বড়োৱে বিটিচি চুক্তিৰ আধাৰত গঠিত বিটিচি পৰিষদত হাগ্ৰামা মহিলাৰীৰ অৱদানৰ কথা উল্লেখ কৰে।