ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদাৰ কৰা হ’ব। ওড়িশা চৰকাৰক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈ ৮ কোটিতকৈও অধিক লোকক স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগে এই আঁচনিয়ে আগবঢ়োৱা স্বাস্থ্য সুবিধাৰ ফলত দেশৰ দূৰণীৱতীয়া আৰু ভিতৰুৱা অঞ্চলসমূহতো স্বাস্থ্য সেৱা যথেষ্ট উন্নত হৈছে বুলি প্ৰকাশ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ হোৱা বাবে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমিত দিয়া এটা পষ্টত শ্ৰীমোডীয়ে কয়, যে এই আঁচনিয়ে কম খৰচত উচ্চ মানৰ স্বাস্থ্যসেৱা সুনিশ্চিত কৰিব। তেওঁ লগতে এই আঁচনিৰ দ্বাৰা ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ নাৰী শক্তি আৰু বয়োজ্যেষ্ঠ লোকসকল লাভান্বিত হ’ব বুলি প্ৰকাশ কৰে।