প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয় যে স্বাস্থ্য সেৱা, নাৰী সৱলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্রধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ প্ৰসংগ উত্থাপন কৰি কৈছিল যে ১৬ বছৰ বয়সত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা গিৰীৰ দৃষ্টান্তমূলক জীৱন গাথাই প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰি থাকিব।
Site Admin | January 19, 2026 2:19 PM | Akashvani | Akashvani News | Odisha | PMO India | PMO Modi
ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন