ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ওড়িশাৰ ‘কোৰাপুট কফি’ৰ খেতিৰ সফলতা আৰু সমৃদ্ধিত প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্ৰকাশ

ওড়িশাৰ ‘কোৰাপুট কফি’ৰ সোৱাদেই কেৱল অপূর্ব নহয়, সোৱাদৰ লগতে এই কফিৰ খেতিৰ জৰিয়তে তেওঁলোকে আয়ো বৃদ্ধি কৰিছে। কোৰাপুটৰ কিছুসংখ্যক লোকৰ ‘কোৰাপুট কফি’ৰ খেতি কৰাটো এক আবেগ হৈ পৰিছে। ক’ৰ্পৰেট খণ্ডৰ ভাল চাকৰি পৰিত্যাগ কৰি তেওঁলোকে এই কফিৰ খেতি কৰিবলৈ লৈছে আৰু সফলতাৰ মুখো দেখিছে। ইয়াৰ ভিতৰত বহুকেইগৰাকী মহিলাও আছে, যিকেইগৰাকীৰ জীৱনলৈ এই কফিয়ে এক সুখকৰ পৰিৱর্তন আনিছে। কফিৰ পৰা তেওঁলোকৰ সম্মান আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধি পাইছে। সেয়েহে সঁচাকৈয়ে কোৱা হয়: ‘কোৰাপুট কফি’ অত্যন্ত সুস্বাদু। প্রকৃতার্থত এয়া ওড়িশাৰ গৌৰৱ।

আজি বিশ্বত ভাৰতৰ কফি জনপ্রিয় হৈ উঠিছে। কর্ণাটকৰ চিকমংগলুবু, কুৰ্গ আৰু হাচান, তামিলনাড়ুৰ পুললী, শেৱৰায়, নীলগিৰি আৰু অন্নামলাই, কর্ণাটক-তামিলনাড়ু সীমান্তৰ বিলিগিৰি ক্ষেত্র, কেৰালাৰ ৱাইনাড, শ্রাৱণকোৰ আৰু মালাবাৰ এই অঞ্চলবোৰৰ কফিৰ সোৱাদ বেলেগ বেলেগ হোৱা বাবে ভাৰতত উৎপাদিত কফিৰ বৈচিত্র্য বহু বেছি। ভাৰতীয় কফিৰ মান বিশ্বত সর্বজনবিদিত। সেয়েহে কফিপ্রেমীসকলে কয়, ভাৰতৰ কফি বিশ্বৰ সর্বোৎকৃষ্ট। এই কফি ভাৰতে তৈয়াৰ কৰে আৰু বিশ্বই উপভোগ কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাতত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।