ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজা পর্যন্ত সমষ্টিটোত ৩২ দশমিক ৫ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩৫৮ টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব৷ অৱশ্যে অত্যন্ত দুর্গম আৰু মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে ৪৭ টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৪ বজাত ভোটগ্রহণ সমাপ্ত হ’ব। উপ-নির্বাচনত মুঠ ২ লাখ ৫৩ হাজাৰ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ কথা আছে। বি জে ডিৰ চাৰিবাৰৰ বিধায়ক ৰাজেন্দ্ৰ ঢোলাকিয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত বিজেপিৰ জয় ঢোলাকিয়া, বি জে ডিৰ স্নেহনাগিনী চুড়িয়া আৰু কংগ্ৰেছৰ ঘাচিৰাম মাঝিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে। মুঠ ১৪ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।
Site Admin | November 11, 2025 6:28 PM | Akashvani | Akashvani News | Election update | Odisha | Political
ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ