ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা এই উৎসৱ পূৰ্বে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ পালন কৰিবলৈ লোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি দধিমথন কৃষ্টি প্রদর্শন, ভাগৱত পাঠ, সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন, অংকীয়া ভাওনা, শ্ৰীকৃষ্ণৰ ৰূপসজ্জা, দিহানাম, বাণিজ্যিক মেলা আদিৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ বাণিজ্যিক মেলাত বিভিন্ন ফলৰ গছপুলিৰ যথেষ্ট চাহিদা দেখা যায়। এই মেলাত ক্ৰয় কৰা পুলিৱে ভৱিষ্যতে অধিক উৎপাদন দিয়ে বুলি বিশ্বাস প্রচলিত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে এই পাচেতি উৎসৱত অংশ লৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।