ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে।

ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফে’চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নৱেম্বৰ মাহত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।