January 9, 2026 7:49 PM | ADRE Appointment

printer

এ ডি আৰ ইত উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীৰ্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে।
এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই নিযুক্তি সম্পন্ন হ’লে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ৫৬ হাজাৰ ৬৭৭লৈ বৃদ্ধি পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।