এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই নিযুক্তি সম্পন্ন হ’লে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ৫৬ হাজাৰ ৬৭৭লৈ বৃদ্ধি পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।