October 25, 2025 11:27 AM | LC75

printer

এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনি, এন পি এছ আৰু সংহত পেন্সন আঁচনি ইউ পি এছৰ অন্তর্গত এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি এই সুবিধাৰ দাবী কৰি আহিছে। কৰ্মচাৰীসকলে যাতে অৱসৰকালীন পৰিকল্পনা কৰাত স্বাচ্ছ্যন্দ অনুভৱ কৰে আৰু বিচৰা ধৰণে বিনিয়োগ কৰিবলৈ বিকল্প সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এন পি এছ আৰু ইউ পি এছৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া বিনিয়োগৰ বিকল্প সুবিধাসমূহ নির্বাচন কৰিব পাৰিব। এই সিদ্ধান্তই কৰ্মচাৰীসকলক বিনিয়োগৰ বিকল্প নিৰ্বাচনৰ সুবিধা প্ৰদান কৰাৰ উপৰি পৰিকল্প ৰূপায়ণৰ ক্ষেত্ৰত সঠিক নির্দেশনা প্রদান কৰিব।