খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্রতি সন্মান প্ৰদৰ্শন কৰি এই দিৱস উদযাপন কৰা হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে আজি এম বিশ্বেশ্বৰীয়াৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে শ্রী মোদীয়ে কয়, যে খ্যাতনামা অভিযন্তাগৰাকীৰ অসাধাৰণ বুদ্ধিমত্তাই ভাৰতীয় অভিযান্ত্রিক ক্ষেত্ৰত অম্লান স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁ কয়, যে দেশৰ অভিযন্তাসকলে এখন বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা সমন্বিত প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সৃজনীশীলতা আৰু দৃঢ়তা ে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱন কৰি যোৱা অভিযন্তাসকলক এই দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও অভিযন্তা দিৱস উপলক্ষে দেশৰ অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয়, যে কিংবদন্তি অভিযন্তা এম বিশ্বেশ্বৰীয়াই দেশক ৰূপান্তৰৰ পথলৈ লৈ যাবলৈ সমৰ্থ হৈছিল। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ নিজৰ উদ্ভাৱন আৰু সামৰ্থ্যৰে দেশৰ কাৰিকৰী ক্ষেত্ৰত উত্তৰণ ঘটোৱা অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে ৷
Site Admin | September 15, 2025 8:29 PM | NATIONAL SCIENCE DAY
এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে দেশজুৰি অভিযন্তা দিৱস পালন
