কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ এম জি এনৰেগাৰ অধীনত ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে এহেজাৰ ৫০৮ কোটি ৪০ লাখ টকা অসমলৈ আৰু ৯১৭ কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্য কেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা হৈছে। লোকসভাত কালি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা সদৰী কৰে। কংগ্ৰেছ সাংসদ হৰিশ চন্দ্ৰ মিনাৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীচৌহানে প্রকাশ কৰে যে- ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৩ ডিচেম্বৰলৈ অসম তথা উত্তৰপূৰ্বাঞ্চললৈ এই ধনৰাশিৰ লগতে দেশৰ ৩৪খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৭০ হাজাৰ কোটিৰো অধিক পুঁজি মোকলাই দিয়া হৈছে।
Site Admin | December 10, 2025 11:24 AM | Akashvani | Akashvani News | MGNREGA
এম জি এনৰেগাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি