এফ আই এইচ হকী প্ৰ’ লীগৰ মেচত আর্জেণ্টিনাৰ হাতত ভাৰতীয় মহিলা দল পৰাস্ত

এফ আই এইচ হকী প্ৰ’ লীগৰ এখন মেচত কালি নিশা লণ্ডনৰ লী ভেলী হকী এণ্ড টেনিছ চেণ্টাৰত ভাৰতীয় মহিলা দলটো আর্জেণ্টিনাৰ হাতত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাৰ ইউৰোপীয় লেগত ১৫ জুনত অষ্ট্ৰেলিয়াৰ হাতত ১-২ গ’লত পৰাস্ত হোৱাৰ পিছত এয়া একেৰাহে ভাৰতৰ দ্বিতীয়টো পৰাজয়। দীপিকাই ভাৰতৰ হৈ হাফ টাইমৰ ঠিক পিছতে পেনাল্টি কর্ণাৰৰ জৰিয়তে একমাত্ৰ গ’লটো দি ১-১ গ’লত সমতা স্থাপন কৰিছিল। কিন্তু আৰ্জেণ্টিনাই খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনি পৰৱৰ্তী সময়ত আৰু তিনিটা গ’ল দি মেচখনত জয়লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।