ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 5, 2025 11:03 AM | NDA Govt | PM Modi

printer

এন ডি এ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে নেতৃত্ব দিবলৈ যুৱ শক্তিক সাজু কৰি আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ডি এ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে নেতৃত্ব দিবলৈ যুৱ শক্তিক সাজু কৰি আছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰে৷ এই অনুষ্ঠানত শ্ৰীমোদীয়ে ৬২ হাজাৰ কোটি টকাৰ বিভিন্ন যুৱ পদক্ষেপৰ উন্মোচন কৰে। এই পদক্ষেপসমূহে সমগ্র দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে উন্নত আই টি আই এছ-পিএম- সেতুৰ জৰিয়তে প্রধানমন্ত্ৰী দক্ষতা আৰু নিয়োগ যোগ্যতা পৰিৱৰ্তন কাৰ্যসূচীৰো শুভাৰম্ভ কৰে।