এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছেঃ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য যোগেশ সিঙ

এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, উদীয়মান ভাৰতৰ বাবে পি এম বিদ্যালয়, সর্বশিক্ষা অভিযান, পি এম ই বিদ্যাৰ দৰে উল্লেখযোগ্য পদক্ষেপসমূহৰ জৰিয়তে দেশৰ শৈক্ষিক পাঠ্যক্ৰমৰ তাৎপৰ্যপূৰ্ণ বিকাশ হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য যোগেশ সিঙে কয় যে এই যাত্ৰাত শিক্ষা আটাইতকৈ শক্তিশালী তথা সফল আহিলা হিচাপে পৰিগণিত হৈছে। নতুন শিক্ষানীতিয়ে শিক্ষা খণ্ডলৈ বহু পৰিৱৰ্তন অনাৰ লগতে দক্ষতা বিকাশ তথা মূল্য সংযোজিত পাঠ্যক্ৰমো সংপৃক্ত কৰিছে। শ্ৰেণীকোঠাসমূহ সৃষ্টিশীল কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ লগতে মৌলিকতাৰ ওপৰতো উপাচাৰ্য্যগৰাকীয়ে দৃষ্টিপাত
কৰে।