ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহৰ তাৰকা প্ৰচাৰকসকলে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰচাৰ অভিযানত দুয়োটা দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ আইন শৃংখলা, নিবনুৱা সমস্যা, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মৌখিক আক্রমণ-প্ৰতি আক্ৰমণ কৰা দেখা গৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি দ্বিতীয় দিনাও একেৰাহে দলীয় প্ৰাৰ্থীৰ হকে কেইবাখনো নির্বাচনী সভাত ভাষণ দিয়ে। ইপিনে মিত্ৰজোঁটৰ মুখ্যমন্ত্রীত্ব প্রত্যাশি প্রার্থী তেজস্বী প্রসাদ যাদৱ আৰু বিকাশ শীল ইনছান দলৰ প্ৰধান মুকেশ সাহানীয়ে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে খাগাৰীয়া, মুংগেৰ আৰু নালন্দাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছক সমালোচনা কৰে। শ্ৰী শ্বাহে কয়, যে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰে বিহাৰত উন্নয়নৰ নতুন ছবি দাঙি ধৰিছে। শ্ৰী শ্বাহে লগতে কয়, যে বর্তমান বিহাৰ অপৰাধ, জংঘলৰাজ আৰু গণহত্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। দ্বৈত ইঞ্জিনৰ চৰকাৰৰ দিনত বিশেষকৈ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু ৰাজ্যত নীতিশ কুমাৰৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই ৰাজ্যখন নক্সালমুক্ত ৰূপে পৰিগণিত হৈছে। তেওঁ এই বুলিও অভিযোগ কৰে যে, লালু প্রসাদৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত ৰাজ্যখন দুৰ্নীতি আৰু বিভিন্ন কেলেংকাৰীৰ বাবে পৰিছিত আছিল। জনতা দলৰ সভাপতি তথা মুখ্যমন্ত্রী নীতিশ কুমাৰে বাক্সাৰৰ ডুমৰাঅ’ত এখন জনসভাত অংশগ্ৰহণ কৰি কয়, যে ২০০৫ চনত তেওঁ যেতিয়া ক্ষমতালৈ আহিছিল, তেওঁৰ চৰকাৰে ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ যথেষ্ট উন্নতী কৰিছিল। তেওঁৰ সময়ছোৱাত ৰাজ্যখনত সাম্প্রদায়িক সম্প্রীতিও দেখা গৈছিল। ইপিনে, আৰ জে ডিৰ নেতা তেজস্বী প্রসাদ যাদৱে খগড়িয়াৰ আলৌলি আৰু গুগৰী তথা ভোজপুৰ জিলাৰ ছাহপুৰত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ সকলো দিশতে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। তেওঁ কয়, যে বিহাৰৰ জনসাধাৰণে ২০২৫ বৰ্ষত পৰিৱৰ্তন বিচাৰিছে। আৰ জে ডিৰ নেতাগৰাকীয়ে নীতিশ কুমাৰৰ চৰকাৰ মাদকদ্ৰব্য প্ৰতিৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যর্থ হোৱা বুলি সমালোচনা কৰে।
একেদৰে অন্যান্য দলসমূহৰ নেতা তথা তাৰকা প্ৰচাৰকসকল বিশেষকৈ জন সুৰজ পাৰ্টীৰ প্ৰশান্ত কিশোৰ, জনশক্তি জনতা দলৰ তেজ প্ৰসাদ যাদৱ আৰু বাওপন্থী দলসমূহৰ নেতাসকলে বিভিন্ন নির্বাচনী প্ৰচাৰ সভাত কালি অংশগ্ৰহণ কৰে।