August 20, 2025 9:01 PM | VP Nomination

printer

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ মনোনয়ন পত্র দাখিল

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে আজি সংসদ ভৱনত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেন ৰিজিজুৰ লগতে এল জে পি আৰৰ নেতা চিৰাগ পাছোৱান, জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং আৰু এন চি পিৰ প্ৰফুল পেটেলকে ধৰি এন ডি এ মিত্রজোটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ।
মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শ্ৰীৰাধাকৃষ্ণনে সংসদ ভৱনৰ প্ৰেৰণা স্থলত উপস্থিত হৈ দেশৰ প্ৰসিদ্ধ নেতা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন কৰে। পোনপ্ৰথমে তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত মূৰ দোঁৱাই শ্রদ্ধা নিবেদন কৰে।
ইপিনে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্রজোঁটে অন্ধ্ৰ প্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সর্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই ঘোষণা কৰে। শ্ৰীৰেড্ডীয়ে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।