গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
Site Admin | January 19, 2026 2:30 PM | Akashvani | Akashvani News | Amit Shah | HM Amit Shah | NDRF
এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা