এনথ্রপিক কৃত্রিম বুদ্ধিমত্তা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ’ আমোদেইৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত এনথ্রপিক নামৰ কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ’ আমোদেইয়ে সাক্ষাৎ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনথ্ৰ’পিকৰ সম্প্ৰসাৰণক আদৰণি জনোৱাৰ লগতে কয়, যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে ভাৰতে এনথ্র পিকৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী। তেওঁ লগতে কয়, যে ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশতন্ত্রটো অধিক শক্তিশালী আৰু দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে কৃত্রিম বুদ্ধিমত্তাৰ উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু এই কাৰ্যই দেশৰ ভৱিষ্যত অধিক শক্তিশালী কৰিব। ইয়াৰ পিছতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক এনথ্ৰ’পিকৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ’ আমোদেই সাক্ষাৎ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত বৈষ্ণৱে কয়, যে দাৰিঅ’ আমোদাই ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশ তন্ত্ৰটোক গুৰুত্ব সহকাৰে লৈছে। এনথ্র’পিকৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তাক নিৰাপদ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ বিষয়টোক গুৰুত্ব দিয়ে বুলিও বাৰ্তাটোত অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে৷