মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি অন্তিম দিনা ভাৰতে দুটা উইকেট হেৰুৱাই কালি সংগ্ৰহ কৰা ১৭৪ ৰানৰ পৰা দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলৰ চতুৰ্থ দিনা কালি ইংলেণ্ডে ৩১১ ৰানৰ বিশাল অগ্রগতি লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয় ইনিংছৰ আৰম্ভণিতে দুটা উইকেট হেৰুৱাই শ’লঠেকত পৰে। অৱশ্যে অধিনায়ক সুভমন গীলে আৰু কে এল ৰাহুলে সংঘৰ্ষপূৰ্ণ বেটিঙেৰে দলৰ বাবে আশাৰ সঞ্চাৰ কৰে। দিনান্তত সুভমন গীল ৭৮ আৰু কে এল ৰাহুল ৮৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰত এতিয়াও ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে ১৩৭ ৰানত পিছ পৰি আছে।
ইয়াৰ পূৰ্বে ইংলেণ্ডে কালি বেন ষ্টকছৰ ১৪১ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৬৬৯ ৰান সংগ্ৰহ কৰে। জ’ ৰুটে ২৪৮ টা বলত ১৫০ ৰান কৰে। ইয়াৰ লগে লগে জ’ ৰুট অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিঙক চেৰ পেলাই টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান কৰা খেলুৱৈ ৰূপে পৰিগণিত হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৪ টা উইকেট দখল কৰে। ভাৰতে প্ৰথম ইনিংছত ৩৫৮ ৰান সংগ্ৰহ কৰে। আলহী দলটো এই পাঁচখনিয়া শৃংখলাত ১-২ ফলাফলত পিছ পৰি আছে।
Site Admin | July 27, 2025 11:39 AM | Anderson-Tendulkar Trophy
এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে ১৭৪ ৰানৰ পৰা দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব
