● এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্রিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে ৪টা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত খেল আৰম্ভ হ’ব।
টছত জিলি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰতৰ নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমতে দুটা উইকেট দখল কৰি ঘৰুৱা দলটোক শ’লথেকত পেলায়। নীতিশ কুমাৰে একেটা অভাৰতে অ’পেনাৰ বেন ডাকেট আৰু জেক ক্ৰ’লিক আউট কৰে। ইয়াৰ পাছত জ’ ৰুট আৰু অলি প’পে ১০৯ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। পাছত ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজা আৰু যশপ্রীত বুমৰাই এটাকৈ উইকেট
দখল কৰে।
পাঁচখনীয়া শৃংখলাটো সম্প্রতি ১-১ ফলাফলত ড্ৰ হৈ আছে। ইংলেণ্ডে হেডিংলিত অনুষ্ঠিত প্ৰথমখন খেলত পাঁচ উইকেটত জয়লাভ কৰিছে আৰু ভাৰতে এজবেষ্টনত অনুষ্ঠিত দ্বিতীয়খন খেলত ৩৩৬ ৰান বিজয় সাব্যস্ত কৰে। পিঠি আৰু কিলাকুটিৰ আঘাটৰ বাবে চাৰি বছৰৰ বিৰতিৰ অন্তত ইংলেণ্ডৰ বেগীবলাৰ জফ্রা আৰ্চাৰে এই খেলখনৰ জৰিয়তে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। ভাৰতৰ ১১ জনীয়া দলত প্ৰসিদ্ধ কৃষ্ণৰ ঠাইত যশপ্রীত বুমৰাক অন্তৰ্ভুক্ত কৰা হৈছে।