ডাউনলোড
মোবাইল এপ

android apple
signal

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অসমৰ ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ কৰা হৈছে। গোলাঘাট জিলাত কালি প্রশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ’ব। কালি ইয়াৰে ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হয়। কালি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্রশিল্প, সাঁচি গছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠানতে জিলা আয়ুক্তই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলা আত্ম-সহায়ক গোটসমূহক ১৫০ কোটি টকা অনুমোদন দিয়া হ’ব বুলি উল্লেখ কৰে।
লখিমপুৰ জিলাতো ৭১গৰাকী উদ্যোগীয়ে ৯৭ কোটি টকাৰো অধিক ধন বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ কৰা হয়। কালি জিলাখনৰ আয়ুক্তই ১১ গৰাকী উদ্যমীক ৪৭ লাখ ৭৮ হাজাৰ টকাৰ ঋণ বিতৰণ কৰে।
তিনিচুকীয়া জিলাত কালি ৪৩ গৰাকী বিনিয়োগকাৰীয়ে ১৮৬ কোটি ৮৯ লাখ টকা বিনিয়োগৰ বাবে চুক্তিত স্বাক্ষৰ কৰা হয়। কালি স্বাক্ষৰ হোৱা চুক্তি অনুসৰি নতুন উদ্যোগসমূহত এহেজাৰ ৮৬জন কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তিৰ সুবিধা সৃষ্টি হ’ব। দুয়ো দিনৰ চুক্তি অনুসৰি ২,২০০ তকৈও অধিক প্রত্যক্ষ সংস্থাপনৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
যোৰহাট জিলাতো কালি জিলা আয়ুক্তৰ উপস্থিতি ১৮ গৰাকী উদ্যোগীৰ সৈতে ৩৬ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ চুক্তিত স্বাক্ষৰ কৰা হয়।