ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 16, 2025 6:44 PM | Advantage Assam 2.0

printer

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ অংশ হিচাপে খানাপাৰাত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰদৰ্শনথলী পৰিদৰ্শন

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি বিষয়ক শীর্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পূর্ণগতিত অব্যাহত আছে। মন্ত্ৰী কেশৱ মহন্তই আজি পুৱা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰদৰ্শনী উপ-সমিতিৰ বিষয়াসকলৰ সৈতে প্ৰদৰ্শনথলী পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমহন্তই আন্তর্জাতিক মানৰ প্ৰদৰ্শনীৰ আয়োজনৰ সৈতে জড়িত বিভিন্ন দিশ পর্যবেক্ষণ কৰাৰ লগতে বিষয়াবৰ্গ আৰু ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে প্ৰদৰ্শনথলীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।