ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাত আয়োজিত প্রদর্শনীৰ সামৰণি

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত প্রদর্শনীখনৰ কালি সামৰণি পৰে। সন্মিলনৰ সামৰণিৰ পাছত ৰাইজৰ বাবে মুকলি কৰি দিয়া এই প্রদর্শনীত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ থলুৱা ষ্টার্টআপ আৰু উদ্যোগ  প্রতিষ্ঠানসমূহৰ উৎপাদিত সামগ্ৰী আৰু কৌশলসমূহ প্ৰদৰ্শন কৰা হয় । তদুপৰি থলুৱা উদ্যোগসমূহে কিদৰে উদ্ভাৱনী চিন্তা-চৰ্চাৰে আগবাঢ়িব পাৰে এই বিষয়েও প্রদর্শনীখনত বিভিন্ন প্ৰতিষ্ঠানৰ দক্ষ ব্যক্তিসকলে ৰাইজক অৱগত কৰে। প্ৰদৰ্শনীখনৰ প্রাইড অৱ আছাম শীৰ্ষক অংশত অসমৰ সংস্কৃতি আৰু উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিশেষকৈ ক্ষুদ্র উদ্যোগসমূহত উৎপাদিত সামগ্ৰীয়ে স্থান লাভ কৰে। আনটো অংশত ছেমি কণ্ডাক্টৰ প্রকল্প, বৈদ্যুতিন, ইথানলকে ধৰি কেইবাটাও দিশ সামৰি লোৱা হয়। যোৱা ২৭ ফেব্ৰুৱাৰীত এই প্রদর্শনী ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।