এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে বিভিন্ন জিলাত প্রশাসনৰ কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিও বিভিন্ন জিলাত প্রশাসনে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। গোলাঘাট জিলাত আজি প্ৰশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ’ব। আজি ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হৈছে। আজি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, সাঁচি গছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠানতে জিলা আয়ুক্তই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলা আত্ম-সহায়ক গোটসমূহক ১৫০ কোটি টকা অনুমোদন দিয়া হ’ব বুলি উল্লেখ কৰে।
লখিমপুৰ জিলাত ৭১গৰাকী উদ্যোগীয়ে কালি আৰু আজি ৯৭ কোটি টকাৰো অধিক ধন বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা আন্তঃগাঁথনি বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিত সুবিধা হ’ব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত জিলাখনৰ আয়ুক্তই ১১গৰাকী উদীয়মান উদ্যমীক ৪৭ লাখ ৭৮ হাজাৰ টকাৰ ঋণ বিতৰণ কৰে। তিনিচুকীয়া জিলাত আজি ৪৩গৰাকী বিনিয়োগকাৰীয়ে ১৮৬ কোটি ৮৯ লাখ টকা বিনিয়োগৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে। কালিও ৪১জন উদ্যমীয়ে ২৬৯ কোটি ৭৫ লাখ টকা বিনিয়োগৰ বাবে জিলা আয়ুক্তৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। আজি স্বাক্ষৰ হোৱা চুক্তি অনুসৰি নতুন উদ্যোগসমূহত এহেজাৰ ৮৬জন কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তিৰ সুবিধা সৃষ্টি হ’ব। দুয়ো দিনৰ চুক্তি অনুসৰি দুহেজাৰ ২০০তকৈও অধিক প্ৰত্যক্ষ সংস্থাপনৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। চুক্তি স্বাক্ষৰ কৰা ৮৩গৰাকী উদ্যমীৰ ভিতৰত সৰ্বাধিক ২১গৰাকীয়ে
কৃষি আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডত ৯৬ কোটি ১৪ লাখ টকা বিনিয়োগ কৰিব। অৱশ্যে পুঁজিৰ আধাৰত কাঠৰ পৰা সামগ্রী উৎপাদন কৰা উদ্যোগত সৰ্বাধিক ৮৮ কোটি ১৫ লাখ টকা বিনিয়োগড়ৰ প্ৰস্তাৱ আহিছে। জিলাখনত ১৩জন উদ্যমীয়ে চাহ উদ্যোগ খণ্ডত ৫২ কোটি ৭৩ লাখ টকা বিনিয়োগৰ প্ৰস্তাৱ দিছে। যোৰহাট জিলাতো আজি জিলা আয়ুক্তৰ উপস্থিতি ১৮গৰাকী উদ্যোগীয়ে ৩৬ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ চুক্তিত স্বাক্ষৰ কৰে।